Private company
অসম গেছ কোম্পানী লিমিটেড
অসম গেছ কোম্পানী লিমিটেড (ইংৰাজী: Assam Gas Company Ltd) প্ৰাকৃতিক গেছ পৰিবহণ আৰু বিতৰণৰ লগত জড়িত অসমৰ ৰাজ্যিক ৰাজহুৱা খণ্ডৰ উদ্যোগ হিচাপে স্থাপিত কোম্পানী। ১৯৬২ চনৰ ৩১ মাৰ্চ তাৰিখে ইয়াক প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় ডিব্ৰুগড় জিলাৰ দুলিয়াজানত অৱস্থিত। অসম গেছ কোম্পানীৰ পাইপলাইনৰ নেটৱৰ্কে উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট, গোলাঘাট আৰু মাজুলী জিলাৰ ৪০০ ৰো অধিক চাহ কাৰখানা, ১,২০০ বাণিজ্যিক প্ৰতিষ্ঠান, ৫০,০০০ ঘৰুৱা গ্ৰাহক আৰু ৪১০ ঔদ্যোগিক গ্ৰাহকক গেছ যোগান ধৰি আহিছে।2 From the as Wikipedia, CC BY-SA 4.0
Last updated Oct 21, 2026.
Sources
The numbers on this page point here. Each one links to the record it came from.
- 1
- 2